ডক্টৰছ ডায়েৰী (সচাঁ ঘটনাৰ ওপৰত আধাৰিত) :বৰপেটা অঞ্চলৰ স্বাস্থ্য: অধ্যায়: শিলচৰৰ সোনালী দিন বোৰ :খন্ড: ০১

২০০৩ চনৰ জুন মাহ৷ শিলচর চিকিৎসা মহাবিদ্যালয়ত মোৰ অন্তিম পৰিক্ৰমা৷ প্ৰসুতি ৰোগ বিভাগত ইনটাৰ্ণ হিচাপে পস্টিংৰ অন্তিম পৰ্যায়৷ নিজকে পূৰ্নাগ ডাক্টৰ যেন লগাৰ মাদকতাটোৱেই বেলেগ৷ সেই মাদকতাৰ মাজতেই প্ৰসুতি বিভাগত পস্টিং মানে সোনে পে সুহাগা৷ কিয় সোনে পে সুহাগা? দুবছৰমান স্নাতকোত্বৰ ছাত্ৰৰ এডমিচন নোহোৱা কাৰণে ডিপাৰ্টমেন্টত ডাক্টৰ নাইয়েই৷ ছেনিয়ৰ ৰেচিডেন্ট বিপুলদা আৰু কেইজন মান পিজি স্টুডেন্ট৷ ইয়াৰ ওপৰত হল ভি এছ কেইজন৷ গতিকে ইনটাৰ্ণ কেইজনৰ কাম কৰিবৰ স্কপেই স্কপ৷ ডিউটি বিলাক কিছু এনেধৰণৰ- ৰাতিপূৱা ৮ বজাৰ পৰা দিনৰ এক বজালৈ ওপিডি৷ আহ ওপিডি কৰি কি মজা৷ পেছেন্ট ছাই থকাৰ মাজে মাজে কোম্পানিৰ ভিজিট আৰু তাৰ লগে লগে ডাঙৰ ডাঙৰ ভিটামিন, আইৰণ টনিক, প্ৰটিন পাউডাৰৰ ছেম্পল, গেস্ট্ৰিকৰ দৰৱ, এন্টিবায়টিক আদিৰে টেবুলৰ ওপৰখন ভৰ্তি হৈ যায়৷ ৰূমলৈ লৈ যাবলৈ পলিথিনৰহে নাটনি হৈ যায়৷ মাজতে পুটুককে কোনোবা ৱাৰ্ড গাৰ্ল, ৱাৰ্ডবয় বা ছুইপাৰ আদিয়ে অনুনয় বিনয় কৰি ভিটামিনৰ বটলটো খুজি দিয়ে৷ খং টো তেতিয়াহে উঠে৷ ওপায় নাই, মান সন্মানৰ খাতিৰত কেতিয়াবা দুই এটা দিব লগা হয়৷ পলিথিন ভৰ্তি দৰৱ খিনি লৈ, ডিঙিত স্টেথু ডাল ওলোমাই দীঘল দীঘল খোজ দি ওপিডি কমপ্লেক্সৰ পৰা ওলাই অহাৰ মজাই বেলেগ৷ ওচৰেৰে পাৰ হৈ যোৱা জুনিঅৰ ছোৱালীসবৰ দলটো দেখিলে বুকুটো আৰু চাৰি ইন্সি ফুলি ওঠে আৰু নিজকে ফুল ডাক্টৰযেন লাগে৷ খোজ কাটল আৰু গহীন হৈ পৰে৷ সিহতলৈ কেৰাহিকৈ চালে দেখা যায় যে গোটেই কেইজনীয়ে মোৰ হাতৰ পলিথিনটোলৈহে লুলুপ দৃস্টিত চাই আছে৷ মনে মনে কোৱা যায়- ৰ’ তহতৰো দিন আহি আছে৷ এনে পৰিস্হিতিত আড্ডা মাৰিবলৈ কেন্টিনত কেতিয়াও সোমোৱা নহয়, ছিধা বাইক স্টেন্ড লৈহে যোৱা যায়৷
মোৰ বাইকখন সকলোতকৈ বেলেগ – হিৰু হুন্ডা এম্বিশ্বন! মেডিকেল কলেজত এখনেই৷ কোম্পানিৰ নতুন লাউন্স৷ ফাইনেল এম বি পাছ কৰাৰ পাছত দেউতাৰ নতুন গিফ্ট৷ পেছাত হায়াৰ ছেকেন্ডাৰিৰ ছাবজেক্ট টিছাৰ হলেও চৌখিন মানুহ, এনে কামত একদম কৃপনালি নকৰে৷ ফাৰ্স্ট এম বি পাছ কৰাৰ লগে লগেই হিৰু হোন্ডা স্প্লেন্ডৰ কিনি দিছিলে৷ পাছত সেইখন ঘৰলৈ অনাই নতুনখন কিনি দিলে৷ ছ’ লাভিং ড্যাড!
ছ’ বাপ কি কামাই, তেতিয়াৰ দিনৰ ছুপাৰ বাইকখনত স্টাইলত বহি ৰিয়াৰ ভিউ আইনাত ছেহেৰা আৰু লৰিয়েলর কালার লগোৱা চুলিটাৰিত ব্রাইল ক্রিমৰ চমকটো ছাই (আমাৰ দিনত আছলতে ৰিয়াৰভিও আইনা দুখন চেহেৰা চোৱা ডাইৰেকছনতহে ফকাছ কৰি থোৱা হৈছিল) ভুউমকৈ স্টাৰ্ট কৰি পলিথিনৰ বেগটো দুই আঠুৰ মাজত তথা তেলৰ টেংকীটোৰ ওপৰত থৈ সদম্ভে হোস্টলৰ পিনে চলাই দিছিলো৷
প্ৰসুতি বিভাগত ওপিডি কৰি ইমান ভাল লাগে যে কেতিয়াবা নাইট ডিউটি কৰি উঠিও ওপিডি কৰিবলৈ বেয়া নালাগে। অৱশ্যে নাইট ডিউটিৰ কথা কবলৈ গলে – একেবাৰেই ভয়ংকৰ। অকনমান বাথৰূমলৈ যাবলৈও সময় নাই। ৫ পৰা ১০ টা লৈকে ডেলিভাৰি। কপাল বেয়া থাকিলে ৰাতি অটি খুলাই এম ও বা ভি এছ মতাই ছিজাৰিয়ান। মই অৱশ্ব্যে ভালেই পাইছিলো – অপাৰেছনত এছিছট কৰিবলৈ চান্চটো পোৱা যায় যে। তেতিয়াৰ দিনৰ কথাই বেলেগ, শৰীৰ-মন আদিত ইমান উদ্যম, ভাগৰ যেন নালাগেই। কবলৈ গলে দিনটোৰ গোটিই খিনি সময় ডিপাৰ্টমেন্টতে কটোৱা হয়।
এতিয়া ভূতৰ ওপৰত দানহ হল – মই হলো জে ডি এ (জুনিয়ৰ ডাক্টৰছ এছোছিয়েছন) ৰ সাধারণ সম্পাদক আৰু আমাৰ জে ডি এ নাইট সমাগত। আগৰ বছৰ স্টুডেন্টছ ইউনিয়ত থাকোতে খুবেই উন্নত ধৰণৰ মেগাজিন এখন বনাইছিলো সেয়ে এইবাৰ সকলোৰে এক্সপেকটেছন খুবেই বেছি যে মই খুবেই উন্নত ধৰণে জেডিএ নাইট পাতিম। মেগাজিন বনাওতে কলেজ ফান্ডৰ পৰা মাত্ৰ ৫ হেজাৰ টকা পোৱাৰ বিপৰীতে মই বনাইছিলো ডেৰলাখ টকা খরচেরে এটি অত্যন্ত উন্নত মান বিশিষ্ঠ মেগাজিন। উন্নত মান বিশিষ্ঠ মানে মেগাজিন খনত আছিল ফ’র কালাৰ প্ৰিন্ট, যিটো মই তেতিয়াৰ দিনতে গুৱাহাটী স্থিত নৰ্থইস্ট গ্ৰাফিক্সৰ পৰা কৰাইছিলো। দামী পেপাৰ, চাৰিটা ভাষা – অসমীয়া, ইংৰাজী, হিন্দী আৰু বঙালীত মেগাজিন খন আছিল খুবেই উন্নত তথা তত্বগধুৰ লিখনিৰে ভৰপুৰ, যাৰ পাতনিত আছিল তেতিয়াৰ ৰাস্ট্ৰপতি সিচ হাইনেছ কে আৰ নাৰায়ণণ দেৱৰ বাৰ্তা। দুশ চল্লিছ পাতৰ বিশাল মেগাজিন খন আছিল ১৩ তম কলেজ মেগাজিন আৰু ইয়াৰ আগতে কোনেও এনে পৰ্যায়ৰ মেগাজিন আমাৰ কলেজৰ ইতিসাত বনাব পৰা নাছিল। সেয়া আছিল এক ৰেকৰ্ড আৰু আজিৰ তাৰিখলৈও এই ৰেকৰ্ড বিদ্যমান তথা মোৰ নাম শিলচৰত চৰ্চিত।
মেগাজিন খন হিট হোৱাৰ আৰত আমাৰ টিমটোৰ সীমহীন শ্ৰমৰ বাহিৰেও সকলোতকৈ গুৰুত্বপূৰ্ণ ফেক্টৰটো আছিলে টকা। তেতিয়াৰ দিনত ডেৰ লাখ টকা গোটোৱা ঘটনাটো আছিল এক অদ্ভুত কাম। আমাৰ প্ৰাৰম্ভিক ফান্ড আছিল মাত্ৰ ৫ হেজাৰ টকা হে। এই বিয়াগোম পৰিমানৰ টকা সংগ্ৰহ কৰোটোও এক ইতিহাস। শিলচৰৰ প্ৰত্যেকটো ফাৰ্মাছী, ডায়েগ্নস্টিক ছেন্টাৰ, প্ৰাইভেট হস্পিটাল বিলাকক আমি টাৰ্গেট কৰিছিলো আৰু অধ্যয়ন কৰিছিলো আমাৰ কলেজৰ কোনজন হেভি প্ৰেকটিছনাৰ ছাৰ সকলৰ লগত তেওলোকৰ সম্পৰ্ক। মোৰ টিমটো আছিল খুবেই বাধ্য। অবশ্যে বাধ্য বনাবলৈ খৰচো কৰিব লগা হৈছিল। দিনটো কাম কৰি অহা সকলোকে আশ্বিকৰ হোটেলত দকচাই দকচাই খোৱাব লগা হৈছিল। ৰূমত বহি বহি মই স্ট্ৰেটেজি বনাইছিলো আৰু বিভিন্ন ঠাইত বিভিন্ন দল পঠাইছিলো। ইয়াৰ ওপৰিও তেতিয়াৰ পিজি স্টুডেন্ট সকলক পটাই লৈ আবেগিক ভাৱে আমাৰ ফলীয়া কৰি লৈ ফাৰ্মা কোম্পানী বিলাকৰ ওপৰত হেচা দিয়াই স্পনছৰ আদায় কৰাইছিলো। তথাপি ফান্ড ছাফিছিয়েন্ট নোহোৱাত গুৱাহাটীলৈ টাপলি মেলিছিলো। তেতিয়া আমাৰ স্বাস্থ্য মন্ত্ৰী আছিল মাননীয় ডা ভূমিধৰ বৰ্মন দেৱ। খবৰ কৰি গম পালো তেখেত ডিব্ৰুগড়ৰ পৰা পাছ কৰা। এনেতে মোৰ মনলৈ আহিল এক ইউৰেকা। আমাৰ শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ ফাউন্ডাৰ প্ৰিন্সিপাল প্ৰয়াত ডা. ৰুদ্ৰেশ্বৰ গোস্বামী দেৱৰ জীৱনীৰ ওপৰত মই এটি নিবন্ধ লিখি আছিলো আৰু শিলচৰলৈ বদলি হৈ অহাৰ আগতে ডা. গোস্বামী অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত ফৰ্মাকলজিৰ প্ৰফেছাৰ তথা ভাইচ প্রিন্সিপাল আছিলে। হিচাপ কৰি গম পালো যে আমাৰ মাননীয় স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়া তেওঁৰেই ছাত্ৰ। জানিব পৰা মতে ডা গোস্বামী আছিল এক অসাধাৰণ প্ৰতিভা তথা ব্যক্তিত্বৰ অধিকাৰী। সিংহ পুৰুষ ডা গোস্বামীৰ গৰিমা আছিল অপৰিহীম। নিবন্ধ খনত আমাৰ চিকিৎসা মহাবিদ্যালয়ৰ ছিনিয়ৰ লোক সকলৰ যি সকলে ছাৰৰ সংস্পৰ্শ পাইছিল তেওঁলোকৰ কমেন্ট সংজোগ কৰাৰ যোজা কৰিছিলো। ভাৱিলো গোস্বামী ছাৰৰ জীৱনী সন্ধৰ্ভত যদি মই মিনিস্টাৰৰ কাষ চাপো তেওঁ নিঞ্চয়কৈ মোক গুৰুত্ব দিব। ভৱা মতে কাম আৰু এদিন ঘৰলৈ অহাৰ পথত গুৱাহটীত ৰখি দিলো। খবৰ কৰি গম পালো এনেকুৱা কামৰ বাবে মিনিস্টাৰ ছাৰক তেওঁৰ কোৱাৰ্টাৰত লগ কৰাটোৱেই ভাল হব। দুদিনমান অপেক্ষাৰ অন্তত ছাৰক লগ কৰাৰ সুযোগ পালো। সেমেনা সেমেনি কৈ ডা. ৰুদ্ৰেশ্বৰ গোস্বামী ছাৰৰ ওপৰত সমল বিচাৰি অহাৰ কথা কলো। অলপ সময়ৰ কাৰণে তেওঁক আবেগিক হোৱা যেন দেখা গল। কৰ্মচাৰী জনক বাকি মানুহ বিলাকক বাহিৰ ওলাই দিব কলে আৰু মোক বহিব কলে। মোৰ মনত লাড্ডু ফুটিল, ভাৱিলো কাম বনিব। ছাৰে মোক চিনিপালে। কিছুদিন আগতে আমি শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ছিটিস্কেন মেছিনৰ দাবী তথা বিভিন্ন অভাৱ অভিযোগ পূৰ কৰাৰ দাবীত আন্দোলন কৰিছিলো আৰু এই আন্দোলনৰ গুৰি ধৰোতা আছিলো মই। স্বাস্থ্য মন্ত্ৰী নিজে গুৱাহাটীৰ পৰা গৈ লিখিত প্ৰতিশ্ৰুতি নিদিয়ালৈকে আমি আন্দোলন উঠাই লোৱা নাছিলো। তেতিয়াই ছাৰৰ লগত মোৰ প্ৰথম মুখা মুখি। চেহেৰাটো ছাৰে মনত ৰখা কাৰণে নথৈ আনন্দিত হলো। ছাৰে এফালৰ পৰা স্মৃতি ৰোমন্থন কৰি যাব ধৰিলে আৰু মাজতে মোক চাহো খোৱালে। দুদিন পাছত আহি টোকাটো লৈ যাব কলে। চান্দা লাগে বুলি সিদিনাই কোৱাটো ভাল নহব বুলি ভাৱি সিমানতে ছাৰৰ পৰা বিদায় মাগিলো।

ক্রমশ:

Leave a Reply

Your email address will not be published. Required fields are marked *