ডাক্টৰছ ডায়েৰী (সচাঁ ঘটনাৰ ওপৰত আধাৰিত) :বৰপেটা অঞ্চলৰ স্বাস্থ্য: অধ্যায়: শিলচৰৰ সোনালী দিন : খন্ড: ০২

(আপোনালোকৰ উৎসাহটোলৈ লক্ষ্য কৰি পৰৱৰ্তী স্মৃতিসব ৰোমন্থন নকৰাকৈ নোৱাৰিলো৷ সময়াভাৱৰ কাৰণে হয়তো দুই এদিন পলম হব পাৰে কিন্তু মোৰ জীৱনত ঘটা কিছু ঘটনা আপোনালোকৰ আগত প্ৰকাশ কৰিম৷ কাৰণ সেইসব আমেজ, আনন্দ, বিষাদ, ৰোমান্স, আন্দোলন, সুহৃদভেদ, জীৱন-মৰণ পন, হতাশা, অৱমাননা, তাচ্ছিল্ল্য, ঘৃণা, প্ৰতিৰোধ, দমন, স্বাভিমাম আদিৰ পৰা আত্মানুসন্ধানলৈকে সকলো উপাদানেৰে ভৰপুৰ৷)

অ’কে, লেট্স স্টাৰট! প্ৰথম খন্ডত আমি থৈ আহিছিলো যে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত অৱস্থাত এক উচ্চ মান বিশিস্ঠ আলোচনী প্ৰকাশ কৰিবলৈ গৈ টকাৰ নাটনিত পৰিলো৷ কলেজৰ পৰা মাত্ৰ ৫ হেজাৰ টকা পালো কিন্তু মোৰ বাজেট দেৰ লাখ৷ শিলচৰ অঞ্চলৰ পৰা পাৰ্জাপ্ত টকা সংগ্ৰহ কৰিলো কিন্তু মোৰ বাজেট পূৰ নহল, সেয়েহে গুৱাহাটীলৈ টাপলি মেলিলো৷ প্ৰথমেই স্বাস্থ্য মন্ত্ৰী মহোদয়ক লগ কৰিলো আৰু প্ৰথম এনকাউন্টাৰ আষানুৰূপ পালো৷

মিনিস্টাৰ ছাৰে কোৱা ধৰণে দুদিন পাছত তেওঁক লগ কৰিবলৈ ব্যাকুল হৈ পৰিলো৷ সময় বোৰ যেন পাৰ নহবই৷ আগে পিছে গুৱাহাটি আহিলে সদায় বাইদেউৰ ঘৰত থাকো৷ বাইদেউ মানে মোৰ মামাৰ ছোৱালী৷ মোৰ নিজা বাইদেউ বা ভন্টি নাই৷ এইবাৰ মোৰ বন্ধু জাহিদুলৰ ভাৰা ঘৰত থকাৰ প্লেন কৰিলো৷ তাৰ লগত আমাৰ শিলচৰৰ পৰা পাছ কৰা ডাঃ মুশ্বাউৰদাও থাকে৷ জাহিদুল হৈছে ডেন্টিস্ট৷ হায়াৰছেকেন্ডাৰিত মোৰ ক্লাছমেট তথা হোস্টেলমেট৷ মোতকৈ আগতেই এন্ট্ৰেন্স ক্লিয়াৰ কৰি ডেন্টেলত নাম লগাইছিল৷ এতিয়া ডাক্টৰ হৈ ওলাই হাতিগাওঁত চেম্বাৰ খুলিছে৷ কম সময়ৰ ভিতৰতেই তামাম প্ৰেকটিছ জমাই লৈছে৷ চিন্তা ধাৰা বহু উচ্চ পৰ্য্যায়ৰ তাৰ, ছাত্ৰ হিচাপে তামাম তিখৰ৷ আজৰি সময় তাৰ লগত পাৰ কৰি বহু ভাল লাগে কাৰণ ই সদায় মোক উৎসাহ দিয়ে৷
মাজৰ এটা দিন জাহিদুল হতৰ লগত অতিবাহিত কৰি মিনিস্টাৰ ছাৰে মতা দিনটোত ৰাতিপূৱাই জনতা ভৱনৰ পাছটোৰ কাৰণে লাইন পাতিলো৷ টাৰ্গেট ১ বজাত ছাৰৰ ৰেছিডিন্সিয়েল কোৱাৰ্টাৰত লগ কৰা৷ জগৰ তেতিয়াহে লাগিলে যেতিয়া এম এল এ হোস্টেল পাৰ হৈ মিনিস্টাৰ সকল থকা কেম্পাছত ছেকিং ফেচ কৰিলো৷ মোৰ বেগ খনত বিভিন্ন কাগজ পত্ৰৰ লগতে ওলাল চাৰিটা ফ্লপি ডিস্ক আৰু ডিউটিত থকা পুলিছজনক মই পতিয়ন নিয়াব নোৱাৰিলোযে এয়া এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ তথ্য সৰবৰাহ কৰা এটি সজুলিহে মাত্ৰ৷ তেতিয়াৰ দিনত পেন ড্ৰাইভ বা এছ ডি কাৰ্ড ওলোৱা নাছিলে৷ ফ্লপি ড্ৰাইভ বোৰৰো মেমৰি মাত্ৰ ৮ এম বি, ৩২ এম বি আদিহে আছিল৷ এনিৱে, ওপৰৱালা অফিছাৰ এজন আহি আঢ়ৈ ইন্সিকৈ সেই চাৰিটা যন্ত্ৰ পৰাক্ষা কৰি আস্বস্থ হোৱাৰ পাছতহে মোক ভিতৰলৈ যাব দিলে৷ আহ কি যে কামোৰ৷

ৱেইটিং লাউন্জত অলপ দেৰি পাইচাৰি কৰাৰ পাছত চকী এখনত বহিলো৷ বিভিন্ন মানুহে বিভিন্ন ধৰণৰ কাম লৈ আহিছে৷ ট্ৰেন্সফাৰ, ছাচপেনছন, মাটি সম্পৰ্কীয় ( তেওঁ ৰেভেনিউ মিনিস্টাৰও তেতিয়া) কাম৷ মোৰ কামটোৱেই অলপ ব্যতিক্ৰমী৷ মোৰ কাম হল চান্দা আদায়, কিন্তু ভিন্ন ধৰণে৷ অপেক্ষাৰত মানুহ বিলাকৰ মিনিস্টাৰ ছাৰ সম্ভন্ধে বিভিন্ন ধৰণৰ আলোচনা বিলাকৰ মাজৰ পৰা এটা কথাই মোৰ দৃস্টি আকৰ্ষন কৰিলে আৰু সেয়া হল – ছাৰে সন্মুখা সন্মুখি কোনো মানুহকে ৰিফিউচ নকৰে কিন্তু কাম হোৱা নোহোৱাটো নিৰ্ভৰ কৰে ছাৰে কোনখন কলমেদি ছহি কৰিলে তাৰ ওপৰত৷ যদি ছাৰে নীলা ৰঙৰ কলমেদি চহী কৰিছে তেতিয়াহলে সেয়া যিকোনো অফিছাৰে ক্ষিপ্ৰগতিত কৰিই দিয়ে৷ আৰু যদি বেলেগ কলমেদি লিখে তেন্তে হেয়া অলপ লাহে ধীৰে হয়৷ ছাৰৰ জনসেৱাৰ উপায়ৰ কথা শুনি ভালেই লাগিলে৷ আল্টিমেটলি কোনো মানুহকে মন বেয়া কৰাৰ অৱকাশ নিদিয়ে৷
সুযোগ বুজি অশেষ আশাৰে ছাৰৰ ৰূমত প্ৰবেশ কৰিলো৷ আগে পিছে চান্দা কালেকছনৰ এক্সপিৰিয়েন্স নাই৷ এই মেগাজিন খনৰ কাৰণেই যি অলপ হৈছে৷ চান্দা বিচাৰি যোৱা বুলি গম পালে মানুহে ইমান বেয়া পায় বুলি আগতে আইডিয়া নাছিলে৷ এই কেইমাহত অলৰেডি বহু তিক্ত অভিজ্ঞতা হৈছে৷ এইবাৰ মিনিস্টাৰ ছাৰে কেনে পায় সেয়াহে আছল কথা৷ পি এচ জনক নিজৰ পৰিচয়টো দি ছাৰে কিবা এটা আৰ্টিকল দিবৰকাৰণে মতা বুলি কলো৷ ছাৰ দেখোন ওলাই গল – তেওঁ তৎক্ষনাত কলে আৰু মোলৈ এফন এনভেলপ উলিয়াই দিলে আৰু কলে এয়া আপোনাক দিব কৈছে৷ খুলি চালো ভিতৰত ছাৰৰ এখন ব্ল্যাক এন্ড হুৱাইট পাছপৰ্ট ফটো, আলোচনীখনলৈ আগবৰুৱা এখন বাৰ্তা আৰু নীলা চিয়াহিৰ কলমেৰে ইংৰাজীত লিখা কেইখনমান বাক্য – ( )৷ মই শিলপৰা কপৌৰ দৰে হলো৷ সিফালৰ দৰ্জা খনেৰে চালো যে ছাৰ ক্ষপ্ৰ গতিত ওলাই গৈ আছে৷ ছিয়েম ছাৰে মাতি পঠাইছে বোলে৷ মইয়ো সন্মুখৰ দৰ্জা খনেৰে ওলাই আহিলো আৰু ছাৰৰ পিছে পিছে দৌৰিলো৷ বগা ৰঙৰ এম্বেছেডৰ গাড়ী খনত সোমোৱাৰ আগতে পিছৈ ঘুৰি চাই মোক দৌৰি তেওঁৰ পিনে যোৱা দেখি ৰখি দিলে৷

মই ফোপাই ফোপাই কাতৰ হৈ ছাৰক কলো – ছাৰ আপুনি দিয়া আইটেম বিলাক পালো৷ আৰু এটা অসুবিধা আছে ছাৰ, কলজত ফান্ড নাই, কিবা এটা ফাইনেন্সিয়াল হেল্প আষা কৰিছিলো ছাৰ৷ একে উশাহত কৈ দিলো, বেয়া পালেও পালে আৰু৷ ছাৰে অলপ হাঁহিলে আৰু কলে, হয় ন্যাকি? নলবৰীয়া টোনত কলে কিবা এপ্লিকেচন আনছা? হয় ছাৰ বুলি কৈ আগতীয়াকৈ ফান্ড বিচাৰি লিখি অনা এপ্লিকেছন এখন ওলিয়ালো৷ হাও দ্দিয়া বুলি কৈ গাড়ী খনত পেলাই এপ্লিকেছন খনত কিবা কিবি লিখিব ললে আৰু কলে- এইডছত গৈ ডাঃ দেউৰীক লগ কৰবা আৰু ডি এইছ এছ্ছত যাবা৷ কাগজ খন মোৰ হাতত খুচি দি গাড়ীত বহি দিলে আৰু ক্ষিপ্ৰ গতিত গাড়ীখন সন্মুখৰ পৰা নোহোৱা হৈ গল৷ মই বহুদেৰি তাতে জঠৰ হৈ থিয় হৈ থাকিলো৷ পাছত ভাৱিলো পি এছ জনক এবাৰ লগ কৰি ইয়াৰ মিনিং উদ্ধাৰ কৰো৷ গতিকে আকৌ ছাৰৰ কোৱাৰ্টাৰৰ পিনে খুজ দিলো৷ অনুমতি লৈ ৰূমত সোমাই এপ্লিকেছনখন তেওঁলৈ আগবঢ়াই দিলো৷ তেওঁ এবাৰ চকু ফুৰালে আৰু ছাৰৰ স্টাম্পটো ছাৰৰ লিখনিৰ তলত মাৰিলে৷ এইখন এতিয়া কি কৰিম বুলি সোধাত তেওঁ মোক বহুত ভালকৈ সকলো বুজাই দিলে৷ আৰু সেয়া হল – মই খানাপাৰাৰ ওচৰৰ এইডচ কন্ট্ৰোল ছছাইটিলৈ গৈ ডাঃ দেউৰীক লগ কৰি মিগাজিনৰ এডভাৰটাইজমেন্ট সংগ্ৰহ কৰিব লাগে৷ ঠিক তেনে ধৰণে হেংৰাবাৰী স্থিত ডাইৰেক্টৰেট অব হেল্থ ছাৰভিছত গৈও তেনে কৰিব লাগে৷ উওফ কি যে কামোৰ! ভাৱিছিলো ছাৰে নগদ কিবা এটা দিব৷ মানি ৰিচিপ্টও লগত লৈ আহিছিলো৷ পিএছ জনৰ পৰা ভালকৈ জানি ললো আৰু আস্বস্থ হলো যে এইবিলাক ফান্ডৰ পৰা টকা উলিওৱা তেনেই সহজ৷ চেক খন কেবল মেগাজিনখন ওলোৱাৰ পাছতহে দিয়ে৷ ভাৱিলো ইমানখিনি কস্ট কৰিলোৱেই যেতিয়া আৰু অলপমান নকৰো কিয়?
ৰাজধানী কেম্পাছৰ পৰা ওলাইয়েই খানাপাৰালৈ যোৱা বাছত উঠি দিলো৷ দিনর তেতিয়া ৩ বাজিছে। এইডছ অফিছ পাইয়েই খবৰ কৰিলো আৰু জানিব পাৰিলোযে দেউৰী ছাৰ আছে৷ মিনিস্টাৰ ছাৰে লিখি দিয়া কাগজখন জেৰক্স কৰিলো আৰু নতুনকৈ এডভাৰটাইজমেন্ট বিচাৰি এখন এপ্লিকেছন লিখি ললো৷

এপ্লিকেছনখন জমা দিয়াৰ লগেই কাম আৰম্ভ হৈ গল৷ ফাইল পুট আপ হৈ এক ঘন্টাৰ ভিতৰতেই অৰ্ডাৰ ওলাই মেটেৰিয়েল দি দিলে৷ বিছহেজাৰ টকাৰ ফুল পেজৰ অৰ্ডাৰ৷ আহ, এতিয়াহে মনটো ভাল লাগিল৷ এইডছ কনট্ৰলৰ নামত বোলে বহু টকা আহে৷ খৰচ কৰিবলৈহে স্কপ নাই৷ এনিৱে মনে মনে মিনিস্টাৰ ছাৰলৈ কৃতজ্ঞতা যাচি এইডৰ অফিচৰ পৰা ওলাই আহিলো৷ সময় বিয়লি ৫ বাজি গৈছে৷ এতিয়া আৰু হেংৰাবাৰী অফিচ গৈ লাভ নহব বুলি ভাৱি জাহিদুলৰ ৰূমলৈ বুলি টাপলি মেলিলো আৰু পিচিও এটাৰ পৰা জাহিদুলৰ মবাইললৈ ফোন কৰি সুসংবাদটো জনালো৷ হিপ হিপ হুৰ্ৰে! আজি তেতিয়াহলে পাৰ্টী হব৷ তাৰ চেম্বাৰ শেষ নোহোৱা লৈ ৰূমতে অপেক্ষা কৰিব কলে৷ মইয়ো ভাৱিলো অলপ ফ্ৰেছ হৈ আৰাম কৰি লোৱা যাওঁক৷
পিছদিনা ৰাতিপূৱা ১০ বজাৰ আগতেই হেংৰাবাৰী অফিচ পাই গলো৷ পৰিয়াল কল্যাণ আৰু মেলিৰীয়া নিয়ন্ত্ৰণ সম্বনধীয় দুটাকৈ এড পাই গলো৷ দুটা এডত বিছ হেজার। দিনৰ ১২ টা বাজিছিহে, বহু সময় হাতত৷ ভাবিলো ইউটিলাইজ কৰা যাওঁক৷ যোৱা বছৰ মোৰ বন্ধু এজনৰ মাকৰ স্ট্ৰক হোৱাত জিএনআৰছিত চিকিৎসা কৰা হৈছিল৷ সেই সুত্ৰে দুই এজনৰ লগত চিনাকি৷ সেই সময়ত স্ট্ৰক, হেড ইন্জুৰি, এনকেফেলাইটিচ, হাৰ্ট এটেক আদি জনিত সেৱাৰ বাবে জিএনআৰছিৰ বাদে বিকল্প নাই৷ শিলচৰৰ পৰাও বহুৰোগী উপায়বিহীন হৈ ইয়ালৈ আহে৷ গতিকে অলপ ভালকৈয়ে দালটো গলাব পাৰিম বুলি বীৰ দৰ্পে সোমাই গলো৷ ভাগ্য ভাল আছিল যে ডঃ নোমল বৰা ছাৰ এডমিন ব্লকত থকা তেওঁৰ চেম্বাৰত আছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *